নিউজ ডেস্ক : যোৱা তিনি মাহৰ অন্তত দেশত সোমাবাৰে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা আটাইতকৈ তললৈ নামিছিল যদিও মঙলবাৰৰ পৰা পুনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।
বুধবাৰে দেশত ৪৫,৮৯২ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৪২ শতাংশ।
কালি মুঠ ১৮,৯৩,৮০০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৭,০৯,৫৫৭ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৪,৬০,৭০৪ গৰাকী।
বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৫০ শতাংশ।
লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালৰ হাতত বন্দৰ, জাহাজ আৰু জল পৰিবহনৰ লগতে আয়ুষ মন্ত্ৰ্যালয়ৰ দায়িত্ব
যোৱা ২৪ ঘণ্টাত ৮১৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৪,০৫,০২৮ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে। উক্ত ৮১৭ গৰাকী লোকৰ ভিতৰত মহাৰাষ্ট্ৰত ৩২৬ গৰাকী, কেৰেলাত ১৪৮ গৰাকী আৰু কৰ্ণাটকত ৭৫ গৰাকী লোকৰ মৃত্যু হয়।