নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। বিগত কিছুমাহ।ধৰি সমগ্ৰ দেশতে তাণ্ডৱ চলাই থকা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰিছে।

বৃহস্পতিবাৰৰ দিনটোত দেশত ৪৬,৬১৭ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৪৮ শতাংশ।

কালি মুঠ ১৮,৮০,০২৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৪,৫৮,২৫১ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৫,০৯,৬৩৭ গৰাকী।  

বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৬৭ শতাংশ।

লগতে পঢ়ক : অসমত ফ্লপ শ্ব’ত পৰিণত বিস্তাৰিত টীকাকৰণ অভিযান; স্বাস্থ্য বিষয়াৰ মতে ভেকচিনৰ নাটনি

যোৱা ২৪ ঘণ্টাত ৮৫৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৪,০০,৩১২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply