নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। শুকুৰবাৰে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰৰ তললৈ নামে। কালিৰ দিনটোত দেশত ৪৮,৬৯৮ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৭৯ শতাংশ।
কালি মুঠ ১৭,৩৫,৭৮১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০১,৮৩,১৪৩ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৫,৯৫,৫৬৫ গৰাকী।
বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৯৭ শতাংশ।
লগতে পঢ়ক : দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত প্ৰধান মন্ত্ৰীক সাক্ষাৎ সৰ্বানন্দ সোনোৱালৰ
যোৱা ২৪ ঘণ্টাত ১,১৮৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৯৪,৪৯৩ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ৩১,৫০ কোটি লোকৰ ক’ভিডৰ টীকাকৰণ কৰা হৈছে।