নিউজ ডেস্ক : শুকুৰবাৰে ভাৰতত ৬০,৭৫৩ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৯৮ শতাংশ।
কালি মুঠ ১৯,০২,০০৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৮,২৩,৫৪৬ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৭,৬০,০১৯ গৰাকী।
লগতে পঢ়ক : লাখ লাখ শ্ৰোতাক মুগ্ধ কৰি বলিউডত খোজ পেলোৱা প্ৰথম গৰাকী অৰুণাচলী গায়ক
যোৱা ২৪ ঘণ্টাত ১,৬৪৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৮৫,১৩৭ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
মৃত্যু হোৱা ১,৬৪৭ গৰাকী লোকৰ ভিতৰত ৬৪৮ গৰাকী মহাৰাষ্ট্ৰৰ, ২৮৭ গৰাকী তামিলনাডুৰ আৰু ১৬৮ গৰাকী কৰ্ণাটকৰ।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৭,২৩,৮৮,৭৮৩ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।