নিউজ ডেস্ক: কৰোনাত সোমবাৰে অভিলেখ সংখ্যক ৬৮,০২০ জন নতুনকৈ আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । যোৱা ২৪ ঘন্টাত ২৯১ জনৰ মৃত্যু হোৱাৰ খবৰ । ইয়াৰ ফলত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬১,৮৪৩ লৈ বৃদ্ধি পাইছে । বৰ্তমান সময়ত দেশত ৫,২১,৮০৮ জন আক্ৰান্ত হৈ আছে সমগ্ৰ দেশত ।


মহাৰাষ্ট্ৰত এটা দিনত ৪০,৪১৪ জন লোক আক্ৰান্ত হৈছে কোৰোনাত। ৰাজ্যখনত ক্ৰমান্বয়ে কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ দিশে গতি কৰাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কয়, যে, “কোভিড গাইডলাইনক লৈ ৰাজ্যৰ অধিকাংশ লোক অলপো সচেতন নহয়। গতিকে এনে পৰিস্থিতি বাহাল থাকিলে অচিৰেই লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ৰাজ্যবাসীক বচাবলৈ আমি অচিৰেই এই সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছো।” মুখ্যমন্ত্ৰীয়ে আৰু কয়, “কিছু সময়ৰ বাবেই এই লকডাউন কৰিব লাগিব, নহলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব।জৰুৰী সেৱা সমূহৰ বাহিৰে বাকীবোৰ বন্ধ থাকিব ।

কৰ্মচাৰীসকলৰ উপস্থিতিৰ ক্ষেত্ৰত আধা কৰিবলৈ কোৱা হৈছে ।” ৰাজ্যখনৰ পুনে আৰু মুম্বাইত ভয়ানক ৰূপ লৈছে কৰোনাৰ সংক্ৰমনে । পুনেত দেওবাৰৰ দিনটোত ৮,৩২৪ জন আক্ৰান্ত হৈছে । গতিকে এই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লকডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাটো কোনো অস্বাভাৱিক ঘটনা নহয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply