নিউজ ডেস্ক : দেওবাৰে ভাৰতত ৭০,৪২১ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৩.৩০ শতাংশ।

যোৱা ৭৪ দিনৰ পিছত কালিৰ দিনটোত আটাইতকৈ কম সংখ্যক ক’ভিড পজিটিভ চিনাক্ত হৈছে।

দেওবাৰে মুঠ ১৪,৯২,১৫২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

লগতে পঢ়ক :  গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে বহুকেইটা পদ

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৫,১০,৪১০ গৰাকী।

যোৱা ২৪ ঘণ্টাত ৩,৯২১ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৭৪,৩০৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৫৩,০০১ ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠিছে। দৈনিক পজিটিভিটিৰ হাৰ আছিল ৪.৭২ শতাংশ।

উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৫,৪৮,৪৯,৩০১ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply