নিউজ ডেস্ক: যোৱা ২৪ ঘণ্টাত ভাৰতত ১,৬৮৫ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে, আনহাতে এই সময়খিনিত দেশত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৮৩ গৰাকী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ।
আজি পুৱা স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ২,৪৯৯ গৰাকী ক’ভিড ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে।
ভাৰতত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ থকা মুঠ লোকৰ সংখ্যা ২১,৫৩০ গৰাকীলৈ হ্ৰাস পাইছে। আজিৰ দিনটোত দেশত দৈনিক আক্ৰান্তৰ হৈছে ০.২৪ শতাংশ।
আনহাতে ২০২০ চনত মাৰ্চ মাহত আৰম্ভ হোৱা ক’ভিডত আক্ৰান্ত হৈ এই পৰ্য্যন্ত ভাৰতত ৫,১৬,৭৫৫ গৰাকী লোকে প্ৰাণ হেৰোৱাইছে।
লগতে পঢ়ক – কামৰূপত চুটি ছবিৰ প্ৰতিযোগিতাৰ আয়োজন