নিউজ ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ভাৰতত ২,০৬৭ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে।
মঙলবাৰৰ তুলনাত কালিৰ দিনটোত ক’ভিডৰ সংক্ৰমণ ৬৫ শতাংশ বৃদ্ধি পোৱা স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।
আনহাতে যোৱা ২৪ ঘণ্টাত ৪০ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়। আজি দৈনিক আক্ৰান্তৰ হাৰ হৈছে ০.৪৯ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ হৈছে ০.৩৮ শতাংশ।
যোৱা ২৪ ঘণ্টাত ১,৫৪৭ গৰাকী ক’ভিড ৰোগী সুস্থ হৈ উঠিছে। এই পৰ্যন্ত সুস্থ হৈ উঠা মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪,২৫,১৩,২৪৮।
উল্লেখযোগ্য যে এতিয়ালৈকে দেশত ১৮৬.৯০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – UPI প্ৰৱঞ্চকৰ পৰা সাৱধান; ভূলতো যাতে নকৰে এই কাম!