ম্যানমাৰ আভ্যন্তৰীণ সংকট

নিউজ ডেস্ক: ম্যানমাৰৰ সেনাৰ শাসনৰ বিৰুদ্ধে চলি থকা জনতা আন্দোলন আৰু সেনা সংঘাতে ভয়াবহ কৰি তুলিছে দেশ খনত | যোৱা এসপ্তাহ ধৰি মিজোৰামৰ গাতে লাগি থকা শ্বিন প্ৰদেশত ম্যানমাৰৰ সেনা তাদমাদাওৱে কৰা অকথ্য নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ শ, শ শ্বিন প্ৰদেশৰ নাগৰিকে ইণ্ডো-ম্যানমাৰ আন্তৰ্জাতিক সীমা পাৰ হৈ মিজোৰামত আশ্ৰয় লৈছে ।

যুদ্ধ বিধবস্ত ম্যানমাৰৰ নাগৰিকক মানবীয় আশ্ৰয় আৰু চিকিৎসা সেৱা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যায়লে মণিপুৰ ,মিজোৰাম আৰু অৰুণাচল প্ৰদেশ চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ বিপৰীতে যুদ্ধৰ অজুহাত লৈ যাতে অবৈধ ম্যানমাৰৰ শৰণাৰ্থী আহি ভাৰতত প্ৰবেশ কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও আছাম ৰাইফলছক নিৰ্দেশ দিছে ।

উল্লেখযোগ্য যে মণিপুৰৰ চৰকাৰে যুদ্ধত আহত ম্যানমাৰ নাগৰিক যাতে মণিপুৰলৈ পলায়ন কৰিব নোৱাৰে তাৰ বাবে ছান্দেল ,টেঙগোপাল , কামজং উখ্ৰৰল আৰু চূড়াচান্দপুৰ জিলাৰ উপায়ুক্তক নিৰ্দেশ জাৰি কৰিছিল যদিও ২৬ মাৰ্চত ভাৰত চৰকাৰৰ গৃহ বিভাগৰ বিশেষ সচিব এইছ জ্ঞান প্ৰকাশে নিৰ্যাতনৰ বলি হোৱা লোকক মানবীয় আৰু চিকিৎসাৰ বাবে আশ্ৰয় দিয়াৰ বিবেচনা কৰিবলৈ মণিপুৰৰ অৰুণাচল প্ৰদেশ মিজোৰাম আৰু আছাম ৰাইফলছক নিৰ্দেশ দিয়ে।ম্যানমাৰত সামৰিক বাহিনীৰ শাসনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত এতিয়ালৈ ৫৫৭ জন লোক নিহত হৈছে । প্ৰায় ২৭৫০ গ্ৰেপ্তাৰ কৰি তেওলোকৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে ।

১৯৫০ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলন আৰু ১৯৬৭ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰটকলত ভাৰত চৰকাৰে স্বাক্ষৰ নকৰাৰ বাবে এতিয়া কোনো প্ৰাদেশিক চৰকাৰে বিদেশীক শৰণাৰ্থীৰ মৰ্যদা দিব নোৱাৰে । এনে অৱস্থাত দেশ খনত গৃহযুদ্ধৰ দিশে গতি কৰা অৱস্থাত উত্তৰ পূবৰ সীমান্তত থকা ৰাজ্যসমূহৰ বাবে ভাবুকিৰ কাৰণ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply