নিউজ ডেস্ক : পাকিস্তানৰ নৌসেনাই ভাৰতীয় মাছমৰীয়াৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰা ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ভাৰতে উক্ত ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে দেওবাৰে পাকিস্তানৰ সামুদ্ৰিক নিৰাপত্তা সংস্থাই আৰব সাগৰৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাত এখন ভাৰতীয় মাছমৰীয়াৰ নাৱৰ ওপৰত নিৰ্বিচাৰে গুলীচালনাত কৰাত এজন মাছমৰীয়া নিহত হোৱাৰ লগতে আন এজন আহত হৈছিল।
আহত মাছমৰীয়া গৰাকী গুজৰাটৰ ওখাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বিষয়টোক লৈ ভাৰতৰ স্থিতি সম্পৰ্কত এক সূত্ৰই কয়, ‘আমি উক্ত ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লৈছো। কুটনৈতিক পৰ্য্যায়ত আমি বিষয়টো পাকিস্তানৰ সৈতে আলোচনা কৰিম। সম্প্ৰতি বিষয়টো তদন্তৰ অধীনত আছে আৰু পৰৱৰ্তী সময়ত অধিক তথ্য প্ৰকাশ কৰা হ’ব।’
লগতে পঢ়ক : চত্তীশগড়ত সতীৰ্থৰ গুলীত প্ৰাণ গ’ল চাৰিজন চি আৰ পি এফ জোৱানৰ