নিউজ ডেস্কঃ ভাৰতৰ পৰা কুৱেইটলৈ ১ লাখ ৯২ হাজাৰ কেজি গোবৰ ৰপ্তানি কৰা হৈছে। জৈৱিক খেতিৰ বাবে কুৱেইটে ভাৰতৰ পৰা আমদানি কৰিছে গোবৰখিনি। উল্লেখ্য যে মুঠ আমদানিকৃত গোবৰৰ প্ৰথমটো পেকেট বিগত ১৫ জুনত কানাকাপুৰা ৰে’লৱে ষ্টেচনৰ পৰা কুৱেইটলৈ পঠিওৱা হৈছে। জানিব পৰা মতে, শুল্ক বিভাগৰ তত্বাৱধানত পিছৰ পৰ্যায়ৰ ৰপ্তানি কৰিবলগীয়া গোবৰ পেকেজিঙৰ কামো চলি আছে।
জয়পুৰৰ এটা গোশালাৰ পৰা কুৱেইটৰ এটা ব্যক্তিগত কোম্পানীলৈ ৰপ্তানি কৰা হৈছে এই গোবৰখিনি। এই সন্দৰ্ভত ইতিমধ্যে দুয়োখন দেশৰ মাজত এক চুক্তিও সম্পন্ন হৈছে। জয়পুৰস্থিত এই কোম্পানীটোৰ সঞ্চালক প্ৰশান্ত চতুৰ্বেদীয়ে কয় যে ভাৰতৰ পৰা কুৱেইটৰ দৰে দেশলৈ গৰুৰ গোবৰ সম্ভৱতঃ প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰা হৈছে।
সমগ্ৰ বিশ্বতে গোবৰৰ ওপৰত বহু গৱেষণা চলি আছে। শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ উপৰিও গোবৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শস্য খালে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰি বুলি একাধিক অধ্যয়নত দাবী কৰা হৈছে। কুৱেইটত কৃষিৰ ক্ষেত্ৰত মূল সমস্যা হ’ল শুকান জলবায়ু আৰু পৰ্যাপ্ত পানীৰ অভাৱ । সেইবাবেই কুৱেইটে গোবৰ ব্যৱহাৰ কৰি কৰা জৈৱিক খেতিৰ প্ৰতি মনোযোগ দিছে।
লগতে পঢ়কঃদক্ষিণৰ ‘ঝাড়ুৱালা’ আৰক্ষী – ইণ্টাৰনেটৰ নতুন ছেনশ্যেছন!