নিউজ ডেস্কঃ কোভিড-১৯ সৃষ্ট পৰিৱেশৰ ফলত ভাৰতত বন্ধ কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। কিন্তু সম্পূৰ্ণ ২ বছৰৰ পাছত দেওবাৰৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে বিমান বন্দৰ আৰু বিমান কোম্পানীসমূহে নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি লৈছিল।
ইফালে, ৰাজধানী চহৰ দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই আশা ব্যক্ত কৰি কয় যে- এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰাই নিয়মীয়াকৈ আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ গতি বৃদ্ধি পাব। কোৰোনাৰ মহামাৰীৰ ফলত প্ৰভাৱাম্বিত বিমান উদ্যোগটো লাহে লাহে পুনৰ ভালৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, ভাৰতত ২৩ মাৰ্চ, ২০২০ৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছিল। কোভিডৰ প্ৰথমটো ঢৌ অহাৰ পাছতে দেশত এই সেৱা বন্ধ কৰা হয় আৰু আজি অৰ্থাৎ ২৭ মাৰ্চ, ২০২০ৰ পৰা এই সেৱা পুনৰ নিয়মীয়াকৈ আৰম্ভ কৰা হৈছে।