নিউজ ডেস্কঃ মোহালীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ ট’ছত জয়ী হৈছে ভাৰতীয় ক্ৰিকেট দল। ট’ছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। উল্লেখ্য যে, এইখন টেষ্ট মেচ বিৰাট কোহলীৰ ১০০ সংখ্যক টেষ্ট মেচ। সেয়েহে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ গৰাকীক এটা বিশেষ কেপ (টুপী)ৰে সন্মানিত কৰা হৈছে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে এই কেপটো বিৰাট কোহলীক উপহাৰ হিচাপে প্ৰদান কৰে। বিৰাট কোহলীয়ে এই মেচখনত শতক বা অৰ্ধশতক কৰিব নোৱাৰিলে যদিও তেওঁৰ টেষ্ট মেচ কেৰিয়াৰৰ ৮০০০ ৰান সম্পূৰ্ণ কৰিলে। আজিৰ এই মেচখনত ৪৫ ৰান কৰিয়ে পেভিলিয়নলৈ ওভতে কোহলী।

উল্লেখ্য যে, টেষ্ট শৃংখলাৰ বাবে খেলপথাৰত নমা ভাৰতীয় ক্ৰিকেট দলটোত থকা খেলুৱৈসকল ক্ৰমে- ৰোহিত শৰ্মা, মাংয়ক অগ্ৰৱাল, হনুমা বিহাৰী, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, ঋষভ পান্ট, ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, জয়ন্ত যাদৱ, মহম্মদ ছামী আৰু যশপ্ৰীত বুমৰাহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply