নিউজ ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত নিহত হয় বিমান খনৰ পাইলট অভিনৱ চৌধুৰীৰ। নিয়মীয়া অনুশীলন চলি থকাৰ সময়তে পঞ্জাৱৰ মোগা অঞ্চলৰ ২৫ কিলোমিটাৰ নিলগৰ বাঘাপুৰানাৰ লংগিয়ানা খুৰ্দ গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো।

বিমানখনৰ সামৰিক অনুশীলন চলাই থাকোতে পৰি যায় আৰু তাত অগ্নি সংযোগ হৈ জ্বলি যায়।

প্ৰতিকূল বতৰৰ বাবে ঘটনাস্থলীত উদ্ধাৰকাৰী দল নিশা ১১বজাতহে উপস্থিত হৈছিল। আনহাতে দুৰ্ঘটনাটো সংঘটিত হৈছিল নিশা ৯বাজি ৩০ মিনিটত।

অভিনৱ চৌধুৰীয়ে সামৰিক অনুশীলনৰ বাবে ৰাজস্থানৰ গংগানগৰ জিলাৰ চুৰাটগড়ৰ পৰা পঞ্জাৱৰ হালৱাৰালৈ উৰা মাৰিছিল। হালৱাৰাৰ পৰা চুৰাটগড়লৈ উৰা মৰাৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

বিমানখন গাঁৱখনৰ বসতিস্থলৰ পৰা ৫০০মিটাৰ দূৰত খেতিত পৰিছিল। ইয়াৰ পিছতেই লংগিয়ানাত জাহাজ দুৰ্ঘটনা হোৱাৰ খবৰ লাভ কৰিয়েি মোগাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰমনবীৰ সিংহ গীল আৰক্ষীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। লগতে বথিন্দা বায়ুসেনা আৰু হালৱাৰা বায়ুসেনা বাহিনীয়ো উপস্থিত হৈ পাইলট জনৰ অনুসন্ধানত নামি পৰে।

প্ৰায় ৪ঘন্টা চলোৱা অভিযানৰ অন্তত পাইলট অভিনৱ চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰু পঢ়কঃউত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ! মৃত্যু এজনৰ,সন্ধানহীন ৪জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply