নিউজ ডেস্ক: অলপতে অনুষ্ঠিত মাৰ্কিন যুক্তৰাষ্ট্ৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় বংশোদ্ভূত ২৩ বছৰীয়া নাবিলা চৈয়দে তেওঁৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ইলিনয় প্ৰদেশৰ কনিষ্ঠতম জনপ্ৰতিনিধি হিচাপে ইতিহাস ৰচনা কৰে।
ডেমক্ৰেটিক দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাবিলাই তেওঁৰ ৰিপাব্লিকান প্ৰতিদ্বন্দী খ্ৰীছ বছক পৰাস্ত কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰিপাব্লিকান দলৰ হাতত থকা আসনখনত যোৱা ৮ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত নাবিলাই ৫২.৩ শতাংশ ভোট লাভ কৰে।
এগৰাকী ভাৰতীয়-আমেৰিকান মুছলমান মহিলা নাবিলাই বাৰ্কলিৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু Business Administration-ত শিক্ষাগ্ৰহণ কৰিছিল।
নাবিলাই ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন সামাজিক কাম বিশেষকৈ নিজৰ সম্প্ৰদায়ৰ কল্যাণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। নিৰ্বাচনত জয়ী হোৱাৰ পিছতে নাবিলাই টুইট কৰি এইদৰে কয়, ‘‘মোৰ নাম নাবিলা চৈয়দ। এগৰাকী ২৩ বছৰীয়া ভাৰতীয়-আমেৰিকান মুছলমান মহিলা। আমি ৰিপাব্লিকানসকলৰ হাতত থকা এখন আসন জিকিছো। অহা জানুৱাৰীত ইলিনয় প্ৰদেশৰ আটাইতকৈ কনিষ্ঠ সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছো।’’
লগতে পঢ়ক- মালদ্বীপত ভয়ংকৰ অগ্নিকাণ্ডত ৭ জন ভাৰতীয় শ্ৰমিকৰ মৃত্যু