নিউজ ডেস্কঃ প্ৰায় ৫০ বছৰৰ পিছত সলনি হ’বলৈ গৈ আছে ভাৰতীয় সেনাবাহিনীৰ খাদ্যৰ তালিকা।

চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ভাৰতীয় সেন্যবাহিনীৰ খাদ্যৰ তালিকাত কিছু সাল-সলনি কৰা হৈছে ।

এতিয়াৰে পৰা খাদ্যৰ তালিকাত ২৫ শতাংশ মিলেট অন্তৰ্ভুক্ত কৰা হৈছে। এই মিলেটত আছে বজ্ৰা, জোৱাৰ আৰু ৰাগি। বাকী ৭৫ শতাংশ খাদ্যত আটা আৰু চাউল হিচাপে থাকিব।

খাদ্যৰ তালিকাত এই সলনি প্ৰথম পৰ্যায়ত ভাৰতীয় সেনা বাহিনীত কৰা হৈছে । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ অৰ্ধসামৰিক বাহিনীতো এনে খাদ্য তালিকা অন্তৰ্ভুক্ত কৰা হ’ব।

চলিত বৰ্ষক ৰাষ্ট্ৰসংঘই মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছিল। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাক ভাৰতসহ ৭২ খন দেশে সমৰ্থন কৰিছিল। যিহেতু অন্য খাদ্যতকৈ মিলেট খাদ্য অধিক পুষ্টিকৰ, তাৰ বাবেই ভাৰতীয় সৈন্যবাহিনীত খাদ্যৰ তালিকাত সাল-সলনি কৰা হৈছে।

উল্লেখযোগ্য যে, ১৯৭২ চনত প্ৰথমবাৰলৈ বাবে ভাৰতীয় সৈন্যবাহিনীত আটা আৰু চাউল খাদ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

লগতে পঢ়ক – IPL ত ১২ ভাৰতীয় বলাৰৰ ওপৰত নিষেধাজ্ঞা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply