নিউজ ডেস্কঃ কেৰালাত ভাৰতীয় কোষ্ট গাৰ্ডে নিজৰ জীৱনৰ বাজী লগাই উদ্ধাৰ কৰে কেইবাজনো লোকক। দৰাচলতে, কেৰালাৰ বেপৌৰত দুৰ্ঘটনাত পতিত হোৱা এখন জাহাজৰ পৰা শনিবাৰে নিশা ভাৰতীয় কোষ্ট গাৰ্ডে উদ্ধাৰ কৰে ৬ গৰাকী লোকক।
কোষ্ট গাৰ্ডে সাগৰৰ মাজত এমএছভি মালাবাৰ নামৰ জাহাজখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত উপস্থিত হয়। চি-৪০৪ জাহাজখনৰ যোগে ভাৰতীয় কোষ্ট গাৰ্ডে উদ্ধাৰ অভিযান চলাই লোক কেইজনক সোশৰীৰে উদ্ধাৰ কৰে।
জানিব পৰা মতে, দুৰ্ঘটনাত পতিত জাহাজখনত নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল। ইফালে, কোষ্ট গাৰ্ডৰ এগৰাকী বিষয়াই জনাইছে যে- জাহাজখনত থকা আটাইকেইজন লোককে উদ্ধাৰ কৰা হৈছে।