নিউজ ডেস্ক: চলচ্চিত্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে ভাৰতৰ এখন তথ্যচিত্ৰ। তথ্যচিত্ৰ নিৰ্মাতা ৰিণ্টু থমাছ আৰু সুস্মিত ঘোষৰ তথ্যচিত্ৰ ‘Writing With Fire’ এই বৰ্ষৰ ‘পূৰ্ণদৈৰ্ঘ্যৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ’ৰ বাবে মনোনীত হৈছে।

‘Writing With Fire’- ত উত্তৰ প্ৰদেশৰ পৰা প্ৰকাশিত ‘খবৰ লহৰিয়া’ (Khabar Lahariya) নামৰ সংবাদপত্ৰখনৰ কাহিনী তুলি ধৰা হৈছে। উল্লেখযোগ্য যে Khabar Lahariya হৈছে দেশৰ একমাত্ৰ সংবাদপত্ৰ যি সম্পূৰ্ণৰূপে দলিত মহিলাৰ দ্বাৰা পৰিচালিত।

২০০২ চনত উত্তৰ প্ৰদেশৰ চিত্ৰাকুট জিলাত কেইগৰাকীমান দলিত মহিলা সংবাদকৰ্মীয়ে মিলি আৰম্ভ কৰা এই সংবাদপত্ৰখনে আৰম্ভণিৰে পৰা নাৰী তথা আন সংখ্যালঘু লোকৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু প্ৰশাসনৰ বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বাতৰিক অগ্ৰাধিকাৰ দি আহিছে।

ৰিণ্টু আৰু সুস্মিতৰ দ্বাৰা পৰিচালিত তথ্যচিত্ৰখনে ইতিমধ্যে বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে, ইয়াৰ ভিতৰত Sundance Film Festivalৰ বিচাৰকৰ বিশেষ (Impact for Change) বঁটা আৰু দৰ্শকৰ বঁটা অন্যতম।

অস্কাৰ বঁটাৰ বাবে উক্ত শিতানত মনোনয়ন লাভ কৰা আন কেইখন তথ্যচিত্ৰ হৈছে Ascension, Summer of Soul (…Or, When the Revolution Could Not Be Televised), Attica আৰু Flee.

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply