নিউজ ডেস্কঃ ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ বহু ভাৰতীয় নাগৰিক আৱদ্ধ হৈ পৰিছে। ইয়াৰে ভিতৰত অধিকাংশই ছাত্ৰ-ছাত্ৰী। তেওঁলোকৰ এতিয়া শেষ ভৰসা ভাৰত চৰকাৰ। তাৰ মাজতে বহু সংখ্যক ভাৰতীয়ই ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসত উপস্থিত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইয়াৰে একাংশ লোকক দূতাবাসতে ৰখা হৈছে যদিও সংখ্যা অধিক হোৱাৰ বাবে কাষৰীয়া সুৰক্ষিত স্থানত ৰখা হৈছে বাকীসকল ভাৰতীয় নাগৰিকক।

জানিব পৰা মতে, এতিয়াও ইউক্ৰেইনত প্ৰায় ২০ হাজাৰ ভাৰতীয় নাগৰিক কৰ্মসূত্ৰে বা শিক্ষাগ্ৰহণৰ বাবে আছে। ইফালে, ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰত চৰকাৰক সহায়ৰ বাবে আহ্বান জনায়।

লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত গৰাকীয়ে কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ ভিতৰত এগৰাকী শক্তিশালী আৰু প্ৰভাৱশালী নেতা। গতিকে তেওঁ এই বিষয়টোক লৈ ইউক্ৰেইনক সহায়-সহযোগ কৰিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply