নিউজ ডেস্ক: সোমবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বেলাৰুছত বহা আলোচনাত দুয়োখন দেশ কোনো ফলপ্ৰসু সিদ্ধান্তত উপনিত হব নোৱাৰাৰ পিছত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা ভাৰতীয় দূতাবাসে মঙলবাৰে চহৰখনত থকা ভাৰতীয় নাগৰিকসকলক যিকোনো প্ৰকাৰে সেই ঠাই ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ইউক্ৰেইনত চলি থকা পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয়।

ৰুছ সেনাবাহিনীৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসকলক দেশখনৰ পৰা উদ্ধাৰৰ বাবে চৰকাৰে পাৰেশ্যন গংগাআৰম্ভ কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আজি পুৱা ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা ইউক্ৰেইনত আৱদ্ধ ১৮২ গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন Air India Expressবিমানে মুম্বাইত অৱতৰণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ন ৰাণে বিমানবন্দৰত উপস্থিত থাকে।

উল্লেখযোগ্য যে ২৭ ফেব্ৰুৱাৰীৰ পৰা যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকক বুখাৰেষ্টৰ মুম্বাইলৈ কঢ়িয়াই অনা এইখন দ্বিতীয়খন বিমান।

লগতে পঢ়ক মথুৰাপুৰ কৈলাস শিৱধাম মন্দিৰত অগণন ভক্তৰ ভিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply