নিউজ ডেস্কঃ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লক্ষ্য সেনৰ নেতৃত্বত ভাৰতীয় বেডমিন্টন পুৰুষ দলে গ্ৰুপ এত হংকঙৰ দলটোক ৩-২ পাইন্টত পৰাস্ত কৰে। ভাৰতীয় দলে বৃহস্পতিবাৰে জয় লাভ কৰাৰ পাছত বেডমিন্টন এচিয়া টীম চেম্পিয়নশ্বিপৰ ন’কআউটত নিজৰ স্থান নিশ্চিত কৰিলে।
কোৰিয়াৰ বিৰুদ্ধে প্ৰথমখম মেচত ০-৫ পইন্টত ভাৰত পৰাস্ত হৈছিল যদিও আজিৰ মেচখনত বিজয়ী হোৱাৰ পাছতে হংকঙৰ ফেৰ মাৰি গ্ৰুপ এৰ তালিকাৰ তৃতীয় স্থানত আছে ভাৰত। ইফালে, গ্ৰুপ এৰ ইন্দোনেছিয়া আৰু কোৰিয়াই ইতিমধ্যেই ন’কআউটত নিজৰ স্থান নিশ্চিত কৰিছে।
উল্লেখ্য যে, বেডমিন্টন এচিয়া টীম চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰৰ মেচখনত ভাৰতৰ লক্ষ্য সেন, মিথুন মঞ্জুনাথ তথা হৰিহৰণ এ আৰু ৰুবেন আৰৰ ভাল খেল প্ৰদৰ্শন কৰাৰ পাছত ভাৰতীয় দলটোৱে এই জয় লাভ কৰে। লক্ষণীয় যে, ভাৰত আৰু কোৰিয়াই বৰ্তমানলৈ এখনকৈ মেচত জয়ী হোৱাৰ বিপৰীতে এখনকৈ মেচত পৰাস্তও হৈছে।