নিউজ ডেস্কঃ নেপালৰ কাঠমাণ্ডুৰ ললিতপুৰ জিলাত এটা অক্সিজেন প্লান্টত বিস্ফোৰণ ঘটি দুজন ভাৰতীয় লোকৰ মৃত্যু হৈছে। লগতে আহত হৈছে ছয়জনকৈ লোক।
বৃহস্পতিবাৰে পুৱা পাটন ঔদ্যোগিক এলেকাৰ সাগৰমঠ অক্সিজেন প্লান্টত কৰ্মচাৰীসকলে চিলিণ্ডাৰত গেছ ভৰ্তি কৰি থাকোতে বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটো ইমানেই প্ৰবল আছিল যে প্লান্টটোৰ কাষৰ অট্টালিকাবোৰৰ খিৰিকীৰ কাঁচ ভাঙি গৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি বিস্ফোৰণটোত ব্ৰজ কুমাৰ মহাতো (৪৫) আৰু ৰাজকুমাৰ মাহাতো (২৫) নামৰ দুই ভাৰতীয় নাগৰিক নিহত হয়। মৃত ব্যক্তি দুগৰাকী পশ্চিম চম্পাৰণৰ ৰত্নপুৰৱাৰ বাসিন্দা আছিল। ছয়জন নেপালী নাগৰিকো আহত হয়। আহতসকলক ললিতপুৰৰ বি এণ্ড বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গৃহ মন্ত্ৰী বালকৃষ্ণ খাণ্ডে আৰক্ষীক তৎক্ষণাৎ উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
লগতে পঢ়কঃকোভিড-১৯ৰ হ’টস্পটত পৰিণত আইআইটি মাদ্ৰাছা, আক্ৰান্ত ১২জন