নিউজ ডেস্ক: ভাৰতীয় মূলৰ মনপ্ৰীত মনিকা সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী শিখ মহিলা ন্যায়ধীশ হিচাপে শপত গ্ৰহণ কৰে। যোৱা শুকুৰবাৰ অৰ্থাৎ ১ জানুৱাৰীত মনপ্ৰীতে টেক্সাছৰ ৪ নং হেৰিছ কাউণ্টি চিভিল আদালতত ন্যায়াধীশ হিচাপে দায়িত্বভাৰ লোৱাত সকলো ভাৰতীয় বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোকসকলৰ বাবে ই এক গৌৰৱৰ বিষয় হৈ পৰিছে। 

অনুষ্ঠানটোত সভাপতিত্ব কৰি ভাৰতীয় মূলৰ তথা টেক্সাছৰ প্ৰথম গৰাকী দক্ষিণ এছিয়ান ন্যায়াধীশ ৰবি চেণ্ডিলে এইয়া শিখ সম্প্ৰদায়ৰ লোকৰ বাবে এক ডাঙৰ মুহূৰ্ত বুলি কয়।

দেওবাৰে নিজৰ মাতৃক সম্বোধন কৰি দিয়া এটা ফেচবুক পোষ্টত মনপ্ৰীতে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে – ইয়াক এক ঐতিহাসিক মুহূৰ্ত হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোলৈ ধন্যবাদ জনাইছো, এটা দিন আহিব যেতিয়া এনে খবৰক অসাধাৰণ হিচাপে গণ্য কৰা নহ’ব কিয়নো তেতিয়া অগনন শিখ তথা অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক ন্যায়াপালিকাত অন্তৰ্ভুক্ত হ’ব।

মনপ্ৰীত মনিকা সিঙৰ জন্ম টেক্সাছৰ চহৰৰ হিউষ্টনত আৰু বৰ্তমান তেওঁ স্বামী আৰু দুই সন্তানৰ সৈতে বেলাইৰত বাস কৰে। ২০ বছৰ ধৰি এটৰ্নি হিচাপে সেৱা আগবঢ়াই অহা মনপ্ৰীত বিভিন্ন নাগৰিক অধিকাৰ সংগঠনৰ সৈতে জড়িত।

লগতে পঢ়ক – নিৰ্দোষী কনিষ্টবলক শাৰীৰিক নিৰ্যাতনৰ বাবে ৯জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply