ভাৰতীয় ৰেল

কোৰোনা মহামাৰীৰ বাবে যোৱা সময়চোৱাত বহুবোৰ ৰেলৰ চলাচল বাতিল হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল যাত্ৰী । পৰিস্থিতি স্বাভাবিক হোৱাৰ পিছত কিছু পৰিমানে ৰেলৰ চলাচল হৈছিল যদিও এতিয়া আকৌ নিয়ন্ত্ৰণ হৈছে বহু ৰেল । ইমানবোৰ নিষেধাজ্ঞা থকা স্বত্বেও যোৱা বিত্তীয় বৰ্ষত ২.৭ নিযুতৰো অধিক লোক টিকটবিহীন ভাবে ভ্ৰমণ কৰি ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে ।
তুলনামূলক ভাবে আগৰ বিত্তীয় বৰ্ষতকৈ ২৫ শতাংশ কম ঘটনা ঘটিছে আৰু ইয়াৰ কাৰণ হৈছে ক’ভিড-১৯ৰ ওপৰত নিষেধাজ্ঞা।

মধ্য প্ৰদেশৰ চন্দ্ৰ শেখৰ গৌৰে আৰটিআইৰ যোগে লাভ কৰা তথ্যত এই কথা পোহৰলৈ আহিছে। এই তথ্যত কোৱা হৈছে বিগত এপ্ৰিল ২০২০ৰ পৰা মাৰ্চ ২০২১-ৰ ভিতৰত ২৭.৫৭ লাখ লোকে টিকটবিহীন ভাৱে ভ্ৰমণ কৰি ধৰা পৰিছিল আৰু তেওলোকক ১৪৩.৮২কোটি টকা জৰিমনা বিহা হৈছিল।

২০১৯-২০ বিত্তীয় বৰ্ষত ১.১০ কোটি লোক টিকটবিহীন ভ্ৰমণ কৰি ধৰা পৰিছিল আৰু ৫৬১.৭৩ কোটি টকাৰ জৰিমনা বিহা হৈছিল।

টিকটবিহীনকৈ ভ্ৰমণ কৰাটো ভাৰতীয় ৰে’লৱেৰ বাবে সদায়েই এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। তেনে লোকক এনে কৰাত বাধা দিবলৈ, ৰে’লৱেই এই তথ্য প্ৰচাৰ কৰে আৰু জৰিমনা আৰোপ কৰে, যাতে সকলো সাবধান হয় ।

লগতে পঢ়ক বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply