নিউজ ডেস্কঃ ৰে’ল মন্ত্ৰণালয়ে ১অক্টোবৰ, ২০২২ তাৰিখৰ পৰা ৰে’লৰ নতুন সময়সূচী মুকলি কৰিছে , যাক “ট্ৰেইনএট এ গ্লান্স (টিএজি)” হিচাপে জনা যায়।

ভাৰতীয় ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট (www.indianrailways.gov.in)ত এই নতুন সময়সূচী উপলব্ধ হ’ব। ভাৰতত মুঠ ৩,২৪০ খন মেইল আৰু এক্সপ্ৰেছ ৰে’ল চলাচল কৰে। ইয়াৰ ভিতৰত আছে বন্দে ভাৰত এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, হামচফৰ এক্সপ্ৰেছ, তেজস এক্সপ্ৰেছ, দুৰন্ত এক্সপ্ৰেছ, অন্ত্যোদয় এক্সপ্ৰেছ, গৰিব ৰথ এক্সপ্ৰেছ, সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ, যুৱ এক্সপ্ৰেছ, উদয় এক্সপ্ৰেছ, জনশতাব্দী এক্সপ্ৰেছ।

ইয়াৰ উপৰিও, প্ৰায় ৩,০০০ যাত্ৰীবাহী ৰেল আৰু উপনগৰঅঞ্চলত আন ৫,৬৬০ খন ৰেল চলাচল কৰে। প্ৰতিদিনে মুঠ ২.২৩ কোটি মানুহে ৰেলত ভ্ৰমণ কৰে। যাত্ৰীসকলৰ সুবিধাৰ্থে ২০২১ চনৰ পৰা ৬৫,০০০ তকৈও অধিক বিশেষ ৰে’ল চলাচল কৰিছে।

বৰ্তমান দেশত দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল চলি আছে। তৃতীয়খন ৰেল শুক্ৰবাৰে উদ্বোধন কৰা হৈছিল। শনিবাৰৰ ৰেলখন মুম্বাইৰ পৰা গান্ধীনগৰলৈ চলাচল কৰিব। বন্দে ভাৰতক বৰ্তমান দেশৰ দ্ৰুততম ৰেল হিচাপে জনা যায়। ইয়াৰ উপৰিও, ভাৰতত ১৪খন তেজস এক্সপ্ৰেছ ৰেল চলাচল কৰে।

দীৰ্ঘদিন ধৰি যাত্ৰীসকলে সময়ানুৱৰ্তীতাৰ বিষয়ে অভিযোগ কৰি আহিছে। যাত্ৰীসকলে অভিযোগ কৰিছিল যে বেছিভাগ ৰেলনিৰ্ধাৰিত সময় অনুসৰি ভ্ৰমণ নকৰে। ৰে’ল বিষয়াসকলে কয় যে এই সমস্যাসমাধানৰ বাবে ৰেলৰ সময়সূচীত কিছু পৰিৱৰ্তন আৰু নতুন সংযোজন কৰা হৈছে।

ৰে’লৱেৰ নতুন সময়সূচী ‘ট্ৰেইনএট এ গ্লান্স’ ই-বুক হিচাপে ৰে’লৱে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply