নিউজ ডেস্ক: যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যুক সাবটিলে এজন ভাৰতীয় ছাত্ৰই। আজি পুৱা দেশখনৰ খাৰকিভ (Kharkiv)ত ভাৰতীয় ছাত্ৰজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
নিহত ছাত্ৰজনক কৰ্ণাটকৰ হাবেৰি জিলাক Naveen Shekharappa Gyanagoudar বুলি চিনাক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা মতে নবীনে এখন গেলামালৰ দোকানৰ সন্মুখত ৰৈ থকা অৱস্থাত ৰুছ সেনাৰ আক্ৰমণত নিহত হয়।
ইণ্ডিয়ান এক্সপ্ৰেছে নবীনৰ এগৰাকী বন্ধু উদ্ধৃতি দি কয়, ‘আজি পুৱা প্ৰায় ১০.৩০ বজাত নবীনৰ গুলী লাগি মৃত্যু হয়। এখল গেলামাল দোকানৰ আগত আন মানুহৰ সৈতে শাৰী পাতি ৰৈ থকা অৱস্থাত ৰুছ সেনাই চলোৱা গুলীচালনাত তেওঁৰ মৃত্যু ঘটে।’
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ছাত্ৰজনৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে। টুইটাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ছাত্ৰজনৰ মৃত্যু শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়ালৰ সৈতে মন্ত্ৰ্যালয় যোগাযোগত আছে বুলি জানিবলৈ দিয়ে।
২০ বছৰীয়া নবীন Kharkiv National Medical University-ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল।
লগতে পঢ়ক – ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে ‘অপাৰেশ্যন গংগা’ৰে জড়িত হ’ব ভাৰতীয় বায়ু সেনা