নিউজ ডেস্কঃ ইউক্ৰেইনৰ ৰাজধানী কীৱত সংঘটিত গুলীচালনাত আহত ভাৰতীয় ছাত্ৰ হৰজিৎ সিং বৰ্তমান চিকিৎসাধীন। হৰজিতে সাংবাদিকৰ আগত কয় যে, বৰ্তমান মোৰ স্বাস্থ্য সংকটজনক নহয়। আৰু এতিয়া হাস্পতালতে চিকিৎসাধীন হৈ আছো।
লগতে ভাৰতীয় ছাত্ৰজনে জনাই যে- তেওঁ কীৱৰ পৰা বৌকজানা যাবলৈ ওলাইছিল। বৌকজানাৰ পৰা এখন ৰেলত উঠিবলৈ ওলাই গৈছিল তেওঁ। আৰু সেই সময়তে গুলীচালনা সংঘটিত হয়।জানিব পৰা মতে, গুলীচালনাত হৰজিতৰ কান্ধত গুলী লাগি আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁৰ এখন ভৰিৰ হাঁড়ো ভাগিছে।
হৰজিতে হৰজিৎ সিঙে কয় যে- ‘মই সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক ফোন কৰিছিলো। কিন্তু কোনেও মোৰ ফোন নধৰিলে। এতিয়া ইউক্ৰেইনত কি চলি আছে তাৰ প্ৰকৃত ছবিখন সমগ্ৰ বিশ্ববাসীয়ে দেখিছে। মোৰ দেহত গুলী লগাৰ পাছত মই অচেতন হৈ পৰি গৈছিলো। কিন্তু কোনে গুলীচালনা কৰিলে সেয়া বৰ্তমানলৈ জানিব পৰা নাই।’