নিউজ ডেস্ক: যুদ্ধবিধ্বস্ত ইউক্ৰেইন ত্যাগ কৰাৰ উদ্দেশ্যে প্ৰত্যেক দিনা হাজাৰ হাজৰ লোকে দেশখনৰ ৰে’লৱে ষ্টেশ্যনসমূহত ভিৰ কৰিছে। বুধবাৰে খাৰকিভ ৰ’লৱে ষ্টেশ্যনত ট্ৰেইনৰ বাবে অপেক্ষা কৰি থকা এনে সহস্ৰাধিক লোকৰ মাজত বহু ভাৰতীয় শিক্ষাৰ্থীক দেখা পোৱা যায়।
কিন্তু ট্ৰেইন ষ্টেশ্যন আহি পোৱাৰ পিছতো এই শিক্ষাৰ্থীসকলে কেতিয়া তাৰ পৰা গুচি আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ ট্ৰেইনসমূহত প্ৰথমে ইউক্ৰেইনৰ নাগৰিকসকলকহে উঠিবলৈ দিয়া হৈছে। এই অভিযোগ ভাৰতৰ একাংশ শিক্ষাৰ্থীৰ।
ইউক্ৰেইনৰ VN Karazin Kharkiv National Universit-ত অধ্যয়নৰত বহু কেইজন ভাৰতীয় শিক্ষাৰ্থীয়ে যোৱা দুদিন ধৰি ৰে’ল ষ্টেশ্যনটোত বাহৰ পাতি আছে যদিও ট্ৰেইন ধৰিব পৰা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম The Times of India-ত প্ৰকাশ পাইছে।
জোৱেল জফছন নামৰ এজন ছাত্ৰৰ উদ্ধৃতি দি The Times of India-ত কয়, ‘মোক ধৰি আমি ৭জন ছাত্ৰ ইয়াত আৱদ্ধ হৈ আছো। আমি ফ্লেটবোৰ এৰি আহিলো কিয়নো তাত থকাটো আৰু সুৰক্ষিত নহয়। আমি বিস্ফোৰণ আৰু বিমানৰ শব্দ শুনা পাই থাকো। আমি থকা ষ্টেশ্যনটোত এখন ট্ৰেইন আছিল, কিন্তু এতিয়া এইখন ভৰ্তি হৈ গ’ল। আমি ট্ৰেইনখনত উঠিব নোৱাৰিলো কাৰণ ইউক্ৰেইনিয়ানসকলক অগ্ৰাধিকাৰ দিয়া হৈছে।’
উল্লেখযোগ্য যে ৰাচিয়াৰ শেহতীয়া ঘটনাৰাজীক লৈ আজি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো’ বাইডেন ,অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন, জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল আলোচনা কৰিব।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত দ্বিতীয় বাৰৰ বাবে আলোচনা হৈছে। ভাৰতৰ ফালৰ পৰা ভাৰতীয়সকলক সুকলমে যুদ্ধ বিধস্ত অঞ্চলৰ পৰা উলিয়াই অনাত ৰাচিয়াৰ সহযোগ বিচাৰিছে।
লগতে পঢ়ক – ৰাচিয়াৰ ইউক্ৰেইন আক্ৰমনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্ব নেতাৰ সৈতে ভাৰ্চুৱেল আলোচনা