কোৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱালৈ চাই দেশৰ পৰিস্থিতি দিনক দিনে ভয়াৱহ হোৱাৰ মাজতে আহিছে এক আশাৰ খবৰ।এতিয়াৰ পৰা কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিত্সাত ব্যৱহাৰ কৰিব পাৰিব Zydus Cadilaৰ ‘Virafin’ড্ৰাগ। কোৰোণাত আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগীৰ জৰুৰী কালীন চিকিত্সাৰ বাবে এই ড্ৰাগ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ভাৰতৰ ড্ৰাগ নিয়ন্ত্ৰক জেনেৰেলে । এই সম্পৰ্কে Zydus Cadila-ই কৈছে যে, এই ঔষধ খোৱাৰ ৭ দিন পিছত RT-PCR টেষ্টত কোৰোণা নিগেটিভ পোৱা গৈছে। প্ৰায় ৯১.১৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত এই প্ৰমাণ পোৱা গৈছে।
কোম্পানীয়ে দাবী কৰে যে, Pegylated Interferon Alpha 2b (Verifin) ড্ৰাগ ১৮ বছৰৰ অধিক কোৰোণাত আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগীৰ বাবে অতি ফলপ্ৰসূ।
উল্লেখ্য যে ঔষধটো ডাক্তৰৰ পৰামৰ্শমতেই ৰোগীয়েই ব্যৱহাৰ কৰিব পাৰিব।
এই ঔষধটো ভাৰতৰ ২৫ টা কেন্দ্ৰত ২৫০ জন ৰোগীৰ ওপৰত পৰীক্ষা কৰোৱা হৈছিল। পৰীক্ষাৰ সময়ত দেখা গৈছিল যে যি সকল ৰোগীৰ অক্সিজেনৰ পৰিমাণ কম হৈছিল সেই সকল ৰোগীৰো অক্সিজেন স্তৰ নিয়ন্ত্ৰণ হৈছিল।