হায়দৰাবাদত মুকলি হ’ল ভাৰতৰ প্ৰথমটো গ’ল্ড ATM। হায়দৰাবাদস্থিত Goldsikka Pvt Ltd-এ Opencube Technologies নামৰ এটা ষ্টাৰ্টআপৰ প্ৰযুক্তিৰ সহায়ত উক্ত ATMটো সাজি উলিয়াইছে।
উক্ত ATM-ত গ্ৰাহকে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে বিভিন্ন মূল্যৰ সোণৰ মুদ্ৰা সংগ্ৰহ কৰিব পাৰিব। আৰু Goldsikkaৰ মুখ্য কাৰ্যবাহী বিষয়া চি তাৰুজৰ মতে, গ্ৰাহকসকলে তেওঁলোকৰ ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ATMটোৰ পৰা সোণৰ মুদ্ৰা উলিয়াব পাৰিব।
তেওঁ কয়, “গ্ৰাহকসকলৰ বাবে এইয়া যাতে স্বচ্ছ আৰু স্পষ্ট হয় তাৰ কাৰণে মূল্য বিলাক স্ক্ৰীণত পোনপটীয়াকৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।”
কোম্পানীটোৱে হায়দৰাবাদত বিমানবন্দৰ, পুৰণি চহৰত তিনিটা যন্ত্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে বুলি তাৰুজে লগতে জানিবলৈ দিয়ে।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত মহিলাক চোৰা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ