নাজ যোশী

প্ৰতি বছৰে জুন মাহ গৌৰৱৰ মাহ হিচাপে উদযাপন কৰি অহিছে কিন্নৰ সম্প্ৰদায়ক স্বীকৃতি দিবলৈ।এইবাৰ এই বিশেষমাহটোত জিলিকি উঠিল দিল্লীৰ এল জি বি টি মহিলা নাজ যোশী। আন্তৰাষ্ট্ৰীয় মঞ্চত এইবাৰ নাজ যোশীয়ে লাভ কৰিলে বিশেষ সন্মান | ২০২১-২২ বৰ্ষৰ ‘সম্ৰাজ্ঞী পৃথিৱী’ৰ মুকুট জিনিবলৈ সক্ষম হ’ল নাজ যোশী়। আন্তৰাষ্ট্ৰীয় মঞ্চত এনে সন্মান লাভ কৰা নাজ যোশী প্ৰথম গৰাকী ভাৰতীয় তৃতীয় লিংগ প্ৰাৰ্থী |

১ জুনত ডুবাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিব লগীয়া হোৱাৰ বাবে প্ৰতিযোগীসকলৰ পৰামৰ্শ অনুসৰি ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন ।

উক্ত অনলাইন প্ৰতিযোগিতাত, ১৫ খনতকৈও অধিক দেশৰ এল জি বি টি মহিলাই ‘সম্ৰাজ্ঞী পৃথিৱী-২০২১’ অংশগ্ৰহণ কৰে। ইয়াৰে শীৰ্ষ পাঁচত প্ৰৱেশ কৰিছিল কলম্বিয়া, স্পেইন, ব্ৰাজিল, মেক্সিকো আৰু ভাৰতৰ প্ৰতিযোগী ।
প্ৰতিযোগীসকলক ডিজিটেল মাধ্যমযোগে অনুষ্ঠিত হোৱা মঞ্চত সন্ধিয়াৰ গান আৰু ৰাষ্ট্ৰীয় পোছাক পৰিধান কৰি প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছিল।
প্ৰতিযোগিতাৰ বিচাৰকৰ বাচনিত নাজ চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে কলম্বিয়াৰ ভেলেন্টিনা প্ৰথম ৰানাৰ্চআপ আৰু মেক্সিকোৰ অলিভিয়া দ্বিতীয় ৰানাৰ্চআপ হয় |

ইয়াৰ পূৰ্বে নাজে মিছ ইউনিভাৰ্ছ ডাইভাৰ্চিটি ২০২০, মিছ ৱৰ্ল্ড ডাইভাৰ্চিটি ২০১৭-২০, মিছ ৰিপাব্লিক ইণ্টাৰনেচনেলৰ বিউটি এম্বেচেডৰ আৰু মিছ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূতকে ধৰি বিভিন্ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

‘সম্ৰাজ্ঞী পৃথিৱী’ৰ বিজয়ী নাজ যোশীক পেছা ক্ৰিয়েচনৰ দ্বাৰা ডিজাইন কৰা ৩,০০০ ডলাৰ মূল্যৰ মুকুট প্ৰদান কৰা হয়।

লগতে পঢ়ক পেট্ৰ’ল-ডিজেলৰ মূল্য শতকৰ সীমা অতিক্ৰম কৰাৰ পিছতো থমকি ৰোৱা নাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply