নিউজ ডেস্ক : দেশত এতিয়াও অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। বৃহস্পতিবাৰে ৮,৫০৩ গৰাকী লোকৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাত দেশত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,৪৬,৭৪,৭৪৪ গৰাকীলৈ বৃদ্ধি পায়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত ৯৪,৯৪৩ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে।
আনহাতে, কালিৰ দিনটোত ৬২৪ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়, ফলত মৃত্যু হোৱো লোকৰ সংখ্যা ৪,৭৪,৭৩৫ গৰাকীলৈ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে যোৱা ৪৩ দিনত ভাৰতত ক’ভিডত দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৫,০০০ -ৰ তলত আছে। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৬৬ শতাংশ। যোৱা ৬৭ দিনত দৈনিক আক্ৰান্তৰ হাৰ ২ শতাংশতকৈ তলত আছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ।
লগতে পঢ়ক : ডাঙৰ শব্দ কৰি গান বজোৱাৰ বাবে প্ৰতিৱেশীক হত্যা! ক’ত সংঘটিত হ’ল এই ঘটনা?