নিউজ ডেস্কঃ চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক সীমা সমস্যাক লৈ পূৰ্বৰে পৰাই যে বেয়া সেই কথা দেখি অহা হৈছে। তাৰ মাজতে ভাৰতত পুনৰ চীনৰ বহু কেইটা এপ নিষিদ্ধ বা বন্ধ কৰাৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতৰ নিৰাপত্তাৰ প্ৰতি অহা ভাবুকিৰ বাবে চীনৰ ৫৪টা এপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

জানিব পৰা মতে, বন্ধ কৰিবলৈ লোৱা চীনৰ এপসমূহৰ ভিতৰত আছে ছুইট ছেলফী এইচ ডি (Sweet Selfie HD), বিউটী কেমেৰা- ছেলফী কেমেৰা (Beauty Camera – Selfie Camera), ভিভা ভিডিঅ এডিটৰ (Viva Video Editor), টেনচেন্ট এক্সৰিভাৰ (Tencent Xriver), অনময়জী এৰেনা (Onmyoji Arena), এপল’ক (AppLock) আৰু ডুৱেল স্পেচ লাইট (Dual Space Lite)।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২০চনত লাডাখ সীমান্তত চীনৰ সৈতে ভাৰতীয় সেনা বাহিনীৰ হোৱা সংঘৰ্ষৰ কিছুদিনৰ পাছতে দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত বহু কেইটা চীনা এপ বন্ধ কৰি দিয়া হৈছিল। ভাৰত চৰকাৰে ২০২০চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে চীনৰ এপসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

২০২০ৰ পৰা বৰ্তমানলৈ ভাৰতত প্ৰায় ২২৪টা চীনা এপ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই সময়ত চৰকাৰে আই টি এক্ট, ২০০০ৰ ধাৰা নম্বৰ ৬৯ (এ)ৰ অধীনত টিকটক সহ বহু কেইটা এনড্ৰ’ইড আৰু আইঅ’এছৰ মুঠ ৫৯টা চীনৰ মোবাইল এপ বন্ধ কৰি দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers