নিউজ ডেস্ক : দেশজুৰি ১০০ কোটি ক’ভিড টীকা প্ৰদান সম্পন্ন হোৱা উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি এই বৃহৎ সফলতাৰ বাবে সকলোকে অভিনন্দন জনায়।
ভাৰতৰ টীকাকৰণ কাৰ্য্যসূচীক সম্পূৰ্ণ বিজ্ঞানসন্মত বুলি উল্লেখ কৰি তেওঁ কয় যে টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে ভি আই পি সংস্কৃতিক কোনোধৰণে স্থান দিয়া নাই।
দেশবাসীক সম্বোধন কৰি প্ৰধান মন্ত্ৰীয়ে সকলোকে উৎসৱৰ বতৰত ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে মাস্ক পৰিধান কৰি থাকিবলৈ অনুৰোধ জনায়।
ইয়াৰ উপৰি ভাষণ প্ৰসংগত তেওঁ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগানো আওঁৰায়। তেওঁ কয় যে বিনামূলীয়াকৈ প্ৰদান কৰা এই ক’ভিড ভেকচিনে সমাজৰ সকলো শ্ৰেণীক সামৰি লৈছে।
‘যিদৰে এই বেমাৰটোৱে কোনোধৰণৰ বাচ-বিচাৰ নকৰে, ঠিক সেইদৰে ইয়াৰ টীকাৰকৰণৰ ক্ষেত্ৰটো কোনো বাচ বিচাৰ থাকিব নোৱাৰে,’ তেওঁ কয়।
লগতে পঢ়ক : শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খাই পৰা অনন্যা পাণ্ডেলৈ এন চি বিৰ চমন