নিউজ ডেস্ক: ভাৰতৰ ৱাৰেন বাফেট (Warren Buffet) খ্যাত প্ৰখ্যাত ষ্টক মাৰ্কেট বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালা (Rakesh Jhunjhunwala)-ৰ দেহাৱসান ঘটিছে।

দেওবাৰে পুৱা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পিটালত শ্বেয়াৰ বজাৰৰ সম্ৰাট গৰাকী ৬২ বছৰ বয়সত মৃত্যু ঘটে। ঝুনঝুনৱালাৰ মূঠ সম্পত্তিৰ পৰিমাণ আছিল ৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ।

বিনিয়োগকাৰী গৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে আজি পুৱা হৃদযন্ত্ৰৰ কাৰ্য (cardiac arrest) বন্ধ হৈ তেওঁ মৃত্যুক সাবটি লয়।

বিনিয়োগকাৰী গৰাকীৰ মৃত্যুত দেশৰ শ্বেয়াৰ বজাৰ, বাণিজ্যিক মহলত শোকৰ ছাঁ পৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়াল তথা গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে শীৰ্ষ পঞ্চাচজন ধনী ব্যক্তিৰ অন্যতম ৰাকেশ ঝুনঝুনৱালাই চাৰ্টাৰ্ড একাউণ্টেণ্ট অধ্যয়ন কৰিছিল। মহাবিদ্যালয়ত থকা অৱস্থাতে তেওঁ মাত্ৰ ৫,০০০ টকা বিনিয়োগ কৰি ষ্টক মাৰ্কেটত ভৰি দিছিল।

শেহতীয়াকৈ তেওঁৰ Jet Airways-ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনয় ডুবে আৰু IndiGo-ৰ প্ৰাক্তন অধ্যক্ষ আদিত্য ঘোষৰ সৈতে মিলি এয়াৰলাইন আকাশা এয়াৰ মুকলি কৰিছিল।

লগতে পঢ়ক – বটদ্ৰৱা কাণ্ডৰ চাৰ্জশ্বীট দাখিল নগাঁও আৰক্ষীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply