নিউজ ডেস্কঃ যিমানলৈ চকু যায় কেৱল বৰফ আৰু বৰফ। ইয়াত তাপমাত্ৰা -২০ ডিগ্ৰী চেলচিয়াছ। ইণ্ডো-তিব্বত বৰ্ডাৰ পুলিচ (আইটিবিপি)য়ে এই প্ৰচণ্ড শীতত ১১,০০০ ফুট উচ্চতাত উত্তৰাখণ্ডৰ আউলিত বৰফৰ কোলাত গণতন্ত্ৰ দিৱস উদযাপন কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
প্ৰচণ্ড শীতকো উপেক্ষা কৰি আইটিবিপিৰ জোৱানসকলে গণতন্ত্ৰ দিৱস ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশলৈ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰে। দেশৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে সীমান্ত ৰক্ষাৰ দায়িত্বত থকা ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীয়ে দেশৰ তিৰঙ্গা উত্তোলন কৰে।
ভিডিঅ’টোত আইটিবিপিৰ জোৱান সকলে বৰফৰ মাজত বগা পোছাক পৰিধান কৰি হাতত এখন ৰাষ্ট্ৰীয় পতাকা লৈ পেৰেড কৰা দেখা গৈছে।
আন এটা ভিডিঅ’ত, জোৱানসকলে ক’লা পোছাক পৰিধান কৰি হাতত এখন ৰাষ্ট্ৰীয় পতাকা লৈ স্কি কৰা দেখা গৈছে।
৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ ৰাতিপুৱাই আইটিবিপি জোৱান সকলৰ এই দুটা ভিডিঅ’ টুইটাৰত ভাইৰেল হৈ পৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।