নিউজ ডেস্ক: সোমবাৰে ইণ্ডোনেছিয়াৰ মূল দ্বীপ জাভাত সংঘটিত এক ভূমিকম্পত ১৬২জন লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ মতে, ৫.৬ প্রাবল্যৰ এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল পশ্চিম জাভা প্ৰদেশৰ চিয়ানজুৰ অঞ্চলত ভূপৃষ্ঠৰ পৰা ১০ কিল’মিটাৰ (৬.২ মাইল) গভীৰত।

দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা এজেন্সিৰ মুৰব্বী ছুহাৰিয়ান্টোৱে কয়, ‘চিয়ানজুৰ আঞ্চলিক চিকিৎসালয়তে ৪৬জন লোকৰ মৃত্যু হৈছে আৰু আন ৭০০জন আহত হৈছে। ভাগি পৰা ভৱনৰ খুন্দাত বহুতো লোকে আঘাত পাইছে।’

চিয়ানজুৰৰ আশে-পাশে বহু ঠাইত ভূমিস্খলনো হৈছে। অঞ্চলটোত বিদ্যালয়, চিকিৎসালয় আৰু আন ৰাজহুৱা প্রতিষ্ঠানকে ধৰি ২,২০০তকৈ অধিক ভৱন ক্ষতিগ্রস্ত হয়। ১৩ হাজাৰ লোক ভগনীয়া হৈছে।

আনহাতে, জাকাৰ্টা অঞ্চলতো ভূমিকম্পৰ জোকাৰণি শক্তিশালীভাৱে অনুভূত হৈছিল। ৰাজধানী মহানগৰখনত ওখ ওখ অট্টালিকাবোৰ দুলিবলৈ ধৰিছিল। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত সঘনাই ভূমিকম্প হয় যদিও জাকাৰ্টাত সাধাৰণতে অনুভূত নহয়।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উক্ত দুৰ্যোগত শোক প্ৰকাশ কৰাৰ লগতে ভূমিকম্পত নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

লগতে পঢ়ক – সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিৰঞ্জন শইকীয়াৰ অব্যাহতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply