নিউজ ডেস্ক : কাৰাগাৰৰ ভিতৰত কভিড আক্রান্ত হ’ল ইন্দ্ৰানী মুখাৰ্জী। শীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জী কভিডত আক্রান্ত। মুম্বাইৰ বাইকুলা কাৰাগাৰত কাৰাবন্দী হৈ আছে ইন্দ্ৰানী মুখাৰ্জী। ইন্দ্ৰানী মুখাৰ্জীৰ লগতে কাৰাগাৰৰ ৩৮ গৰাকী কাৰাবন্দী কভিডত আক্রান্ত। বাইকুলা কাৰাগাৰৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে এই কথা।
দেশজুৰি কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। দেশৰ কেইবাখনো ৰাজ্যত কভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ দেশৰ ৰাজধানী দিল্লী আৰু মহাৰাষ্ট্ৰত কভিড প্ৰতিদিনে হাজাৰ হাজাৰ লোক কভিডত আক্রান্ত হৈছে।
মহাৰাষ্ট্ৰত সৰ্বসাধাৰণ ৰাইজৰ লগতে ব্যাপক হাৰত কাৰাগাৰত থকা কাৰাবন্দী সকলো কভিডত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰৰ পুনে আৰু নাগপুৰ কাৰাগাৰৰ কাৰাবন্দী কভিডত আক্রান্ত হোৱাৰ পিছত এইবাৰ কভিড প্ৰৱেশ কৰিছে বাইকুলা কাৰাগাৰত।
দেশৰ বাণিজ্যিক নগৰী মুম্বাইৰ বাইকুলা কাৰাগাৰত আছে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা শীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জী। বাইকুলা কাৰাগাৰৰ কৰ্তৃপক্ষই জানিবলৈ দিছে যে শীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ লগতে কাৰাগাৰত থকা ৩৮ গৰাকী কাৰাবন্দী কভিডত আক্রান্ত হৈছে।
উল্লেখ্য যে মহাৰাষ্ট্ৰত মুঠ ৪৬ খন কাৰাগাৰ আছে আৰু এই কাৰাগাৰ সমূহত থকা ২০০ কাৰাবন্দী কভিডত আক্রান্ত হৈছে। কভিড আক্রান্ত হৈ ইতিমধ্যে ৭ গৰাকীকৈ কাৰাবন্দীৰ মৃত্যু ঘটিছে। মহাৰাষ্ট্ৰৰ কাৰাগাৰ সমূহত কৰ্মৰত ৯৪ গৰাকী কৰ্মচাৰী কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃত্যু হৈছে ৮ গৰাকী কৰ্মচাৰীৰ।