নিউজ ডেস্ক: সুদীৰ্ঘ প্ৰায় ৭ বছৰৰ অন্তত শ্বীনা বৰা হত্যাৰ গোচৰত জামিন লাভ কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে। উচ্চতম ন্যায়ালয়ে আজি দেশ কপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰে।
‘’বিগত চাৰে ছয় বছৰ ধৰি ইন্দানী মুখাৰ্জী জিম্মাত আছে। তেওঁক জামিন মঞ্জুৰ কৰা হৈছে। বিচাৰ আদালতৰ সন্তুষ্টি সাপেক্ষে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ব। পিটাৰ মুখাৰ্জীৰ ওপৰত আৰোপ কৰা একে চৰ্ত তেওঁৰ ওপৰতো প্ৰযোজ্য হ’ব,’’ ন্যায়ালয়ে দিয়া নিৰ্দেশত কোৱা হয়।
উল্লেখযোগ্য যে ২০১৫ চনত নিজৰ সন্তান শ্বীনা বৰাৰ অপহৰণ আৰু হত্যাৰ গোচৰত ইন্দ্ৰানী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১২ চনত সংঘটিত হৈছিল শ্বীনা বৰাৰ হত্যাকাণ্ড।
আন এটা গোচৰত গ্ৰেপ্তাৰ হোৱা ইন্দ্ৰানী মুখাৰ্জীৰ গাড়ীচালক গৰাকীয়ে ইন্দ্ৰানীৰ লগতে তেওঁৰ দ্বিতীয় স্বামী সঞ্জীব খান্নাৰ সৈতে মিলি শ্বীনা বৰাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।
লগতে পঢ়ক – বোকাখাতৰ Best Academyত ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা