নিউজ ডেস্ক: বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ, ভাৰতত দুচকীয়া বাহনৰ বাটকটীয়া প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ আজি দেহাৱসান ঘটে। নিউ’মনিয়া আৰু হৃদ ৰোগত আক্ৰান্ত হৈ থকা উদ্যোগপতি গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩ বছৰ।
পৰিয়ালৰ লোকে জনোৱা মতে আজি আৱেলি ২.৩০ বজাত বাজাজে শেষ নিশ্বাস ত্যাগ কৰে।
উদ্যোগপতি গৰাকীৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ ৰাজনৈতিক নেতা তথা বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিসকলে শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত প্ৰধান মন্ত্ৰীয়ে ‘বাণিজ্য আৰু উদ্যোগৰ জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে শ্ৰী ৰাহুল বাজাজ মহাশয়ক দেশবাসীয়ে মনত ৰাখিব’ বুলি কয়।
১৯৩৮ চনত জন্মগ্ৰহণ কৰা ৰাহুল বাজাজে ৪০ বছৰ ধৰি বাজাজ গোটৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বাণিজ্য ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেওঁক ২০১০ চনত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছিল।
ইয়াৰ উপৰি ২০০৬ চনৰ পৰা ২০১০ চনলৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। দেওবাৰে বিশিষ্ট উদ্যোগপতি গৰাকীৰ অন্তিম সংস্কাৰ অনুষ্ঠিত কৰা হ’ব।
লগতে পঢ়ক – ১৩ বছৰে সন্ধান নাই বোকাখাতৰ এজন ব্যক্তিৰ, সমস্যাত পৰিছে পৰিয়াল