নিউজ ডেস্কঃ সংস্কৃতত ‘বিক্ৰান্ত’ শব্দৰ অৰ্থ হৈছে সাহসী। ভগৱত গীতাতো এই শব্দ উল্লেখ কৰা আছে। গীতাৰ প্ৰথম অধ্যায়ৰ ষষ্ঠ শ্লোকত এই শব্দ উল্লেখ আছে। সংস্কৃতত ‘vi’ শব্দটোৰ অৰ্থ হৈছে আন যিকোনো বস্তুতকৈ পৃথক আৰু ‘ক্ৰান্ত’ শব্দটোৰ অৰ্থ হৈছে এটা দিশে অগ্ৰসৰ হোৱা। সেইবাবে এই জাহাজখনৰ নাম ৰখা হৈছে Vikrant।
শুকুৰবাৰে কেৰেলাৰ কোচিত স্বদেশীভাৱে বিকশিত যুদ্ধজাহাজ INS Vikrant উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০,০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে জাহাজখন। উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নৌসেনাৰ শীৰ্ষ বিষয়াসকল।
এই জাহাজ নিৰ্মাণত আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইনেও সহায় কৰিছিল। ‘INS Vikrant’ হৈছে পৃথিৱীৰ সপ্তম বৃহত্তম যুদ্ধজাহাজ। পুৰণি আইএনএছ বিক্ৰান্তেINS Vikrant এ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আজি ‘INS Vikrant’ উদ্ধোধনৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও টুইট কৰে।
১৯৯০চনৰ পিছত INS Vikrant ৰ ম্যাদ উকলি যোৱাৰ পিছত দেশীয় প্ৰযুক্তিৰে যুদ্ধজাহাজ নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ হৈছিল। ২০০৩ চনত থলুৱা প্ৰযুক্তিত যুদ্ধজাহাজ নিৰ্মাণৰ বাবে নক্সা তৈয়াৰ কৰা হয়।
স্বদেশীভাৱে বিকশিত ‘INS Vikrant’ৰ দৈৰ্ঘ্য ২৬২ মিটাৰ আৰু প্ৰস্থ ৬২ মিটাৰ বহল। এই যুদ্ধজাহাজখনৰ সৰ্বাধিক ওজন হৈছে ৪৩,০০০ টন। এই জাহাজখনৰ সৰ্বাধিক গতি হৈছে ৭৫০০ Nautical mile। সংবাদ সংস্থা পিটিআইৰ মতে, এই জাহাজখনত মুঠ ২,২০০ টা কম্পাৰ্টমেণ্ট আছে। ইয়াৰ ভিতৰত, মহিলা বিষয়া আৰু নাবিকসকলৰ বাবে ১,৬০০ টা কম্পাৰ্টমেণ্ট নিৰ্মাণ কৰা হৈছে। INS Vikrantত অত্যাধুনিক চিকিৎসা সুবিধা যেনে ফিজিঅ’থেৰাপী, আই.চি.ইউ., পৰীক্ষাগাৰ, পৃথকীকৰণ ৱাৰ্ডো আছে। ই স্বদেশীভাৱে নিৰ্মিত Advanced Light Helicopters (ALH) আৰু Light Combat Aircraft (LCA) .
প্ৰধানমন্ত্ৰী গৰাকীয়ে আন এটা টুইটত লিখে, ‘INS Vikrant’ উদ্ধোধন কৰাৰ লগে লগে ভাৰত এনেকুৱা এটা পৰ্যায় পায়গৈ যি নেকি দেশীয় প্ৰযুক্তি ব্যৱহাৰে ইমান বিশাল এয়াৰ ক্ৰাফট কেৰিয়াৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। আজি ‘INS Vikrant’ এ দেশত এক নতুন ন্যাসেৰে ভৰাই তুলিছে, যাৰ ফলত দেশখনত এক নতুন বিশ্বাস গঢ়ি উঠিছে।’