নিউজ ডেস্ক: অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব কলিকতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী আৰু বাংলাদেশৰ ৰাজ্যিক সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কে এম খালিদে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।
উল্লেখযোগ্য যে এইবছৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গ্ৰন্থমেলা আয়োজকে এইবৰ্ষৰ কলিকতা গ্ৰন্থমেলাক বাংলাদেশৰ ওপৰত বিশেষ গুৰুত্ব দিছে।
কলিকতাক ছল্ট লে’কৰ চেন্ট্ৰেল পাৰ্কত ১৩ দিনীয়া কাৰ্য্যাসূচীৰে অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ বাংলাদেশী লেখিকা ছেলিনা হোছেইন উপস্থিত থাকিব।
আয়োজক সমিতিয়ে জনোৱা মতে ২০২২ বৰ্ষৰ কলিকতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত ২০ দেশে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাখনত প্ৰায় ৬০০খন বিপনী থকাৰ লগতে ২০০খন ক্ষুদ্ৰ আলোচনীৰ প্ৰকাশকে ভাগ ল’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক –