নিউজ ডেস্কঃ কিছুদিন পূৰ্বে বলীউদৰ জনপ্ৰিয় ‘শ্বেৰশ্বাহ’ চিনেমাখনৰ ‘ৰাতা লাম্বিয়া’ গীতটিৰ এটা ৰীল ভিডিঅ’ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হোৱা দেখা গৈছিল। গীতটোত টাঞ্জেনিয়াৰ এজন যুৱকক ভগ্নীৰ সৈতে দেখা গৈছিল।

ভাৰতীয় সংগীতৰ প্ৰেমত পৰা টাঞ্জেনিয়াৰ কিলি প’ল নামৰ যুৱকজনে তেওঁৰ ভগ্নী নীমা প’লৰ সৈতে বলীউদৰ বহুকেইটা গীতত তেওঁৰ ইনষ্টাগ্ৰামত ৰীল আপল’ড কৰি লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আপুনি যদিহে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী আপোনাক হয়তো কিলি প’ল আৰু তেওঁৰ ভগ্নী নীমা প’লক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। বলীউডৰ গানত লিপ-চিংক কৰা ভিডিঅ’ৰ বাবে জনাজাত তাঞ্জানিয়াৰ ছ’চিয়েল মিডিয়া তাৰকা কিলি পলক টাঞ্জানিয়াৰ ভাৰতীয় উচ্চআয়োগে সন্মানিত কৰিছে।

টাঞ্জানিয়াত ভাৰতীয় উচ্চায়ুক্ত বিনায়া প্ৰধানে টুইটাৰযোগে কিলি প’লৰ সৈতে ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ ফটো শ্বেয়াৰ কৰিছে। এই সন্মান লাভ কৰি কিলি প’লেও ভাৰতীয় উচ্চাযুক্তক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়কঃ১৬হাজাৰ টকাত বিক্ৰী হ’ল এটা কঠাল

কিলি-নীমাৰ এই যুটীয়ে বলীউদৰ চেলিব্ৰিটীসকলৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছে। কিলিয়ে কেৱল বলীউদৰ জনপ্ৰিয় গানবোৰত লিপ-চিংক কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰাই নহয়, কিন্তু তেওঁ তেওঁৰ নৃত্য দক্ষতাও প্ৰদৰ্শন কৰিবলৈ ভাল পায়। ইনষ্টাগ্ৰামত কিলি পলক প্ৰায় ২.২মিলিয়ন লোকে অনুসৰণ কৰিছে। কিলি প’লৰ কেইটামান জনপ্ৰিয় ইনষ্টাগ্ৰাম ৰীল ভিডিঅ’ চাও আহক-

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply