নিউজ ডেস্কঃ সমগ্ৰ দেশ কপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চিবিআইয়ে।
চিবিআইৰ ফালৰ পৰা বিশেষ আদালতত তদন্তটো শেষ হোৱাৰ কথা জনাই । উল্লেখ্য যে, ২০১৫ চনৰ পৰা চিবিআইয়ে চলাই আছিল হত্যাকাণ্ডটোৰ তদন্ত।
২০১২ চনৰ এপ্ৰিলত শ্বীনা বৰাক অপহৰণ আৰু হত্যা কৰা হৈছিল। হত্যাকাণ্ডটো ২০১৫ চনত পোহৰলৈ আহিছিল।
২০১৫ চনত ইন্দ্রণী মুখাৰ্জীক প্ৰথম বিবাহৰ কন্যা ২৫ বছৰীয়া জীয়েক শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী তিনি মাহৰ অন্তত, ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
ইপিনে কাৰাগাৰত থাকোঁতে, ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ তেওঁলোকৰ ১৭ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।আনহাতে, এটা পৃথক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীচালকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে হত্যাকাণ্ডৰ সমস্ত বিষয় উন্মোচিত হৈছিল।
শ্যামবৰ ৰায়কো গোচৰটোৰ সৈতে অভিযুক্ত বুলি অভিহিত কৰা হৈছিল। শ্বীনা বৰাক ইন্দ্ৰাণীয়ে তেওঁৰ চালক আৰু তেওঁৰ দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত হত্যা কৰিছিল বুলি চিবিআইয়ে তথ্য দাখিল কৰে।
লগতে পঢ়কঃকলকাতা উচ্চ ন্যায়ালয়ৰ ৰোষত মমতা বেনাৰ্জী
শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ সাংসাৰিক জীৱন পূৰ্বৰে পৰা যথেষ্ট বিতৰ্কিত আছিল। নিজ কন্যা শ্বীনা বৰাক হত্যা কৰি ইন্দ্ৰানী মুখাৰ্জী দেশজুৰি চৰ্চিত হৈছিল ।
চি বি আই তদন্তৰ সময়ছোৱাত হত্যাৰ কাৰণ সন্দৰ্ভত সোধপোছ কৰাত ইন্দ্ৰাণী মুখাৰ্জীয়ে কয় যে তৃতীয় স্বামী পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনা বৰাৰ প্ৰেমৰ সম্পৰ্ক আছিল, যাৰবাবে তেওঁ নিজ কন্যাক হত্যা কৰে।
চি বি আইৰ তদন্ত অনুসৰি, ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনা বৰাক নিজৰ ভগ্নী বুলিহে লোকচক্ষুৰ সন্মুখত চিনাকী কৰাই দিছিল। পিছত শ্বীনা বৰাই মাকৰ বিভিন্ন কৰ্মকান্ড সকলোৰে মাজত জনাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। যাৰ পৰা বাচিবৰ বাবে ইন্দ্ৰাণীয়ে নিজ কন্যাক হত্যা কৰিছিল।
ইপিনে, শ্বীনা বৰাৰ হত্যাৰ পিছত, ইন্দ্ৰাণীয়ে বন্ধুবৰ্গক কৈছিল যে শ্বীনাক উন্নত জীৱনৰ বাবে আমেৰিকালৈ স্থানান্তৰিত হৈছে।আনহাতে, গাড়ীচালকজনৰ বক্তব্যৰ ওপৰত আধাৰ কৰি শ্বীনাৰ আধা পোৰা মৃতদেহটো মুম্বাইৰ ওচৰৰ ৰায়গড় জিলাৰ এখন অৰণ্যৰ মাজত খনন কৰি উদ্ধাৰ কৰিছিল।
২০১৭ চনত আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াত প্ৰায় ৬০ জন সাক্ষীৰ বাণী লিপিবদ্ধ কৰা হৈছিল বুলি চিবিআইয়ে জানিবলৈ দিয়ে। অৱশেষত তদন্ত প্ৰক্ৰিয়াৰ ছবছৰ পিছত আৰু কোনোধৰণৰ তদন্ত প্ৰক্ৰিয়া নাই বুলি বুলি চি বি আইয়ে বিশেষ আদালতত জনায়।