নিউজ ডেস্কঃ আইপিএলতো প্ৰৱেশ কৰিলে কোৰোনাই। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দিল্লী কেপিটেলছৰ পেট্ৰিক ফাৰহাৰ্টৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অহা বুধবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত পঞ্জাৱৰ বিৰুদ্ধে মেচ আছে দিল্লীৰ। আৰু তেনে সময়তে আহিছে এই দুঃখবৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পেট্ৰিক ফাৰহাৰ্টৰ কোভিড পজিটিভ ধৰা পৰাৰ পাছতে দলটোৰ অন্য খেলুৱৈসকলৰো এন্টিজেন্ট টেষ্ট কৰা হৈছে। আৰু দলটোৰ আটাইকেইগৰাকী সদস্যকে হোটেলতে কোৱাৰেন্টাইন কৰি ৰখা হৈছে।

জানিব পৰা মতে, আগন্তুক দুদিনৰ বাবে খেলুৱৈসকলৰ আৰটি-পিচিআৰ টেষ্টা কৰোৱা হ’ব। আৰু এই টেষ্টৰ পাছত অহা ফলাফলৰ ওপৰতে ভিত্তি কৰি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। যদি দলটোৱে বুধবাৰে খেলপথাৰত নামেও তথাপিও কোৱাৰেন্টাইন কৰাৰ ফলত তেওঁলোকৰ খেলৰ ওপৰত কিছু প্ৰভাৱ পৰাতো নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply