নিউজ ডেস্কঃ আৰচিবিয়ে প্ৰথমে বেটিং কৰি গুজৰাটৰ সন্মুখত বান্ধি দিছে ১৭১ ৰানৰ টাৰ্গেট। ৩.৩০ বজাৰ পৰা আৰম্ভ হোৱা ৰোমাঞ্চকৰ মেচখনত আৰচিবিৰ বেটছমেন বিৰাট কোহলী আৰু ৰজত পাটিদাৰে অৰ্ধ শতাধিককৈ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

২০ অভাৰত ৬টা উইকেট হেৰুৱাই বাংগালুৰুৱে সংগ্ৰহ কৰিছে ১৭০ ৰান। মেচখনত আৰচিবিৰ হৈ ৰান সংগ্ৰহ কৰিছে ক্ৰমে- বিৰাট কোহলীয়ে ৫৩টা বলত ৫৮ ৰান, ফাফ ডু প্লেছিছ শূন্য, ৰজত পাটিদাৰে ৩২টা বলত ৫২ ৰান, গ্লেন মেক্সৱেলে ১৮টা বলত ৩৩ ৰান, দিনেশ কাৰ্তিকে ৩টা বলত ২ ৰান, শ্বাহবাজ আহমেদে ২টা বলত ২ ৰান আৰু মহিপাল লমৰোৰে ৮টা বলত ১৬ ৰান সংগ্ৰহ কৰে।

এতিয়া গুজৰাটক এইখন মেচত জয়ী হ’বলৈ ২০ অভাৰত প্ৰয়োজন হ’ব ১৭১ ৰান। উল্লেখ্য যে গুজৰাটৰ দলটোত থকা খেলুৱৈসকল ক্ৰমে- শুভমন গিল, ঋদ্ধিমান সাহা, হাৰ্দিক পাণ্ডেয়া (অধিনায়ক), ডেভিড মিলৰ, অভিনৱ মনোহৰ, ৰাহুল টেৱতিয়া, ৰাশ্বিদ খান, অল্জাৰী যোজেফ, যশ দয়াল, লাকী ফৰ্গ্যুছন আৰু মহম্মদ শ্বামী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply