নিউজ ডেস্কঃ আইপিএলৰ আজিৰ মেচখন খেলা হ’ব গুজৰাট আৰু বাংগালুৰুৰ মাজত। দুয়োটা দলৰ মাজত আজিৰ এই ৰোমাঞ্চকৰ মেচখন আৰম্ভ হ’ব বিয়লি ৩.৩০ বজাত। মুম্বাই ব্ৰেবোৰ্ণ ষ্টেডিয়ামৰ খেলপথাৰত খেলা হ’ব আজিৰ মেচখন।
আইপিএলত বৰ্তমানলৈ বৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰা বাংগালুৰুৱে পুনৰ নিজৰ দলটোক স্থিৰ কৰিবলৈ চেষ্টা কৰিব। তাৰ বিপৰীতে গুজৰাটে এইবাৰ আইপিএলত ৮খন মেচৰ ভিতৰত ৭খন মেচত জয়ী হৈছে আৰু এখনত মেচতহে পৰাস্ত হৈছে।
আনহাতে, ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৱে ৯খন মেচৰ ভিতৰত ৫খন মেচত জয়ী হৈছে আৰু ৪খন মেচত পৰাস্ত হৈছে। উল্লেখ্য যে, গুজৰাটৰ দলটোত থকা খেলুৱৈসকল ক্ৰমে- শুভমন গিল, ঋদ্ধিমান সাহা, হাৰ্দিক পাণ্ডেয়া (অধিনায়ক), ডেভিড মিলৰ, অভিনৱ মনোহৰ, ৰাহুল টেৱতিয়া, ৰাশ্বিদ খান, অল্জাৰী যোজেফ, যশ দয়াল, লাকী ফৰ্গ্যুছন আৰু মহম্মদ শ্বামী।
ইফালে, ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ দলটোত থকা খেলুৱৈসকল ক্ৰমে- ফাফ ডু প্লেছিছ, বিৰাট কোহলী, ৰজত পাটিদাৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, সুযশ প্ৰভূদেশাই, দিনেশ কাৰ্তিক, বান্দিদু হসৰংগা, হৰ্ষল পাটেল, মহম্মদ ছিৰাজ আৰু জোশ হেজলৱুড।