নিউজ ডেস্কঃ টছত জয়ী হৈ প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে সংগ্ৰহ কৰিলে ১৯৫ ৰান। ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই লক্ষ্ণৌ ছুপাৰ জায়েন্টে ১৯৫ ৰান সংগ্ৰহ কৰিছে। আজিৰ মেচখনতো লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে ভাল খেল খেলিছে।
কে এল ৰাহুলে ৫১ টা বলত ৭৭ ৰান সংগ্ৰহ কৰিছে। তাৰ লগতে দলটোৰ কুইন্টন ডে ককে ১৩টা বলত ২৩ ৰান, দীপক হুডাই ৩৪ টা বলত ৫২ ৰান, মাৰ্কুছ ষ্টইনিছে ১৬টা বলত ১৭ ৰান আৰু ক্ৰুনাল পাণ্ডেয়ে ৬টা বলত ৯ৰান সংগ্ৰহ কৰে।
উল্লেখযোগ্য যে, ৭ এপ্ৰিলতো দুয়োটা দলৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল। সেই মেচখনত দিল্লী পৰাস্ত হৈছিল লক্ষ্ণৌৰ হাতত। দিল্লীয়ে ২০ অভাৰত ১৫০ ৰানৰ টাৰ্গেট বান্ধি দিছিল লক্ষ্ণৌৰ সন্মুখত । আৰু লক্ষ্ণৌৱে ১৯.৪ অভাৰতে ১৫৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়ী হৈছিল।