নিউজ ডেস্কঃ ইতিমধ্যে আৰম্ভ হৈছে আইপিএলৰ আজিৰ আনখন ৰোমাঞ্চকৰ মেচ। লক্ষ্ণৌৰ বিৰুদ্ধে খেলপথাৰত নামিছে দিল্লী। আজিৰ মেচখন ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৱাংখেড়ে ষ্টেডিয়ামত। লক্ষ্ণৌ ছুপাৰ জায়েন্টে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে।

মেচখনত লক্ষ্ণৌৰ হৈ প্ৰথমে ক্ৰীজত নামিছে কুইন্টেন ডি কক আৰু কে এল ৰাহুল। উল্লেখ্য যে, দিল্লীৰ দলটোত আজি খেলা খেলুৱৈসকল ক্ৰমে- ডেভিড ৱাৰ্নাৰ, পৃথ্বী শ্ব’, ৰভমান পৱেল, ছৰফৰাজ খান, এক্সৰ পাটেল, ললিত যাদৱ, মিচেল মাৰ্চ, ৰিশ্বৱ পান্ট (অধিনায়ক), চেটান চকৰীয়া, কুলদীপ যাদৱ, মুস্তাফিজুৰ ৰহমান, শ্বাৰডুল ঠাকুৰ।

উল্লেখযোগ্য যে, ৭ এপ্ৰিলতো দুয়োটা দলৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল। সেই মেচখনত দিল্লী পৰাস্ত হৈছিল লক্ষ্ণৌৰ হাতত। দিল্লীয়ে ২০ অভাৰত ১৫০ ৰানৰ টাৰ্গেট বান্ধি দিছিল লক্ষ্ণৌৰ সন্মুখত । আৰু লক্ষ্ণৌৱে ১৯.৪ অভাৰতে ১৫৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়ী হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply