নিউজ ডেস্কঃ আইপিএলত চলি আছে এখন অতি ৰোমাঞ্চকৰ মেচ। আজি খেলপথাৰত লক্ষ্ণৌ নামিছে মুম্বাইৰ বিৰুদ্ধে। টছত জয়ী হৈ মুম্বাই-য়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আইপিএলৰ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টৰ হৈ প্ৰথমে বেটিং কৰিবলৈ ক্ৰীজত নামে অধিনায়ক কে এল ৰাহুল আৰু কুইন্টন ডি কোক।
অধিনায়ক কে এল ৰাহুলে মেচখনত অতি ভাল বেটিং কৰিছে। ৰাহুলে ৬০ বলত সংগ্ৰহ কৰে ১০৩ ৰান। মেচখনত মুম্বাই ইণ্ডিয়ানছৰ ২০ অভাৰ বলত লক্ষ্ণৌৱে সংগ্ৰহ কৰে মুঠ ১৯৯ ৰান। আৰু মুম্বাইৰ সন্মুখত বান্ধি দিয়ে ২০০ ৰানৰ লক্ষ্য।
মেচখনত ৪ টা উইকেট হেৰুৱাই লক্ষ্ণৌৱে সংগ্ৰহ কৰে ১৯৯ ৰান। মেচখনত কুইন্টন ডি কোকে ১৩টা বলত ২৪ ৰান, মনীষ পাণ্ডেয়ে ২৯ বলত ৩৮ ৰান, মাৰ্কাছ ষ্টোয়িনিছে ৯টা বলত ১০ ৰান, আৰু দীপক হুডাই ৮ বলত ১৫ ৰান আৰু ক্ৰুণাল পাণ্ডেয়ে ১টা বলত ১ ৰান সংগ্ৰহ কৰে।